Karam Puja in Duliajan: মাদল বজাই ঝুমুৰ নাচিলে সৰ্বানন্দ সোণোৱালে - Karam Puja in Duliajan
🎬 Watch Now: Feature Video


Published : Oct 1, 2023, 12:19 PM IST
ডিব্ৰুগড়,১ অক্টোবৰ: ডিব্ৰুগড় জিলাৰ দুলীয়াজানত কৰম সন্মিলনত নিশা অংশগ্ৰহণ কৰি ব্যতিক্ৰমী ৰূপত দেখা গ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক । দুলীয়াজানত অনুষ্ঠিত হোৱা কৰম পৰবত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথমে কৰম পূজাৰ মণ্ডপত সেৱা লৈ ৰাইজৰ সৈতে মাদল বজাই ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মাদলৰ চেৱত ঝুমুৰ নৃত্য কৰি আনন্দ উল্লাস কৰিলে কেইবা শতাধিক চাহ শ্ৰমিকৰ লগতে দলীয় কৰ্মীসকলে ।
কৰম সন্মিলনত ৰাইজক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, চাহ শ্ৰমিকসকলে অসমখন শক্তিশালী আৰু প্ৰাণৱন্ত কৰি ৰাখিছে । অসমখন আগুৱাই নিয়াত যি অৱদান আগবঢ়াই আহিছে চাহ শ্ৰমিকসকলে সেই অৱদান অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে । চাহ শ্ৰমিকৰ কাম কৰিব পৰা উদ্যমী মনটোৱে সমাজত কৰ্ম-সংস্কৃতিৰ পৰিৱেশ সৃষ্টি কৰিছে ।
আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ ভাষাতে শ্ৰমিক ৰাইজৰ হৈতে মত বিনিময় কৰি দেশৰ বাবে সেৱা আগবঢ়াবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই অনুষ্ঠানত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ লগতে কেইবাজনো বিজেপি নেতা উপস্থিত থাকে ।