Holi at Batadrava Than: গুৰুজনাৰ আশীস বিচাৰি বটদ্ৰৱা থানত সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal at Batadrava Than

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 8, 2023, 10:37 AM IST

নগাঁও, ৮ মাৰ্চ: পাঁচ দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ হৈছে দৌল উৎসৱ (Doul Mahostsav 2023)। দৌল উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে গুৰুজনাৰ আশীস বিচাৰি বটদ্ৰৱা থানত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বটদ্ৰৱা থানৰ পৰাই অসমবাসীলৈ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । সোমবাৰৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ হোৱা দৌল মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, আয়ুষ  বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal at Batadrava Than)।

মঙলবাৰে গোসাঁই ফুৰোৱা উৎসৱত দিনৰ 2 বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্ৰ, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে দিয়া নামৰ লগত বৈচিত্ৰময় অসমীয়া জাতীয় জীৱনৰ বৰ্ণিল সমাহাৰেৰে ফাকুৰ গুৰি সিচি সিচি দৌললে যাত্ৰা কৰা হয় । এই লৈ বটদ্ৰৱা থানত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে (Doul Mahostsav at Batadrava Than)।

লগতে পঢ়ক:International Womens Day 2023: ৮ মাৰ্চৰ দিনাই কিয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিয় উদযাপন কৰা হয় জানেনে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.