Murder in Karimganj : কৰিমগঞ্জৰ কাটলিচেৰাত যুৱকক হত্যা

By

Published : Apr 9, 2023, 11:10 AM IST

thumbnail

কৰিমগঞ্জ, 9 এপ্ৰিল :  কৰিমগঞ্জৰ কাটলিচেৰা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু যুৱকজনৰ ৷ আক্ৰমণৰ বলি হোৱা যুৱকজনৰ চিঞৰত অঞ্চলটোৰ ৰাইজ ওলাই অহা দেখি দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে  ৷  স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি শনিবাৰে নিশা কাটলিচেৰা আৰক্ষী থানাৰ অন্তৰ্গত গঞ্জাখৌৰী ৰংপুৰ চতুৰ্থ ব্লকৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এজন লোকৰ চিঞৰ শুনি অঞ্চলটোৰ ৰাইজে ওলাই আহে আৰু দুৰ্বৃত্তই পলায়ন কৰে (Unidentified youth body found in Karimganj)। 

স্থানীয় ৰাইজে এজন লোকৰ অংগচ্ছেদ কৰা মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে । কিন্তু তাৰ আগতে লোকজনৰ থিতাতে মৃত্যু হয় । জানিব পৰা মতে, আৰক্ষীয়ে ঘটনাৰ তদন্ত চলায় এখন গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৃত যুৱকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই (Sensational murder in Karimganj) ।

লগতে পঢ়ক : Rahul gandhi tweet on Adani : ৰাহুল গান্ধীক আদালতত দেখা কৰিব হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.