thumbnail

Unidentified deadbody recovered: ৰে'ল ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Aug 16, 2023, 7:23 PM IST

কলিয়াবৰ,১৬ আগষ্ট: কলিয়াবৰৰ শিলঘাট ৰে'ল ষ্টেচনত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত মৃতদেহ । ষ্টেচনৰ বাৰাণ্ডাত উপৰমুৱাকৈ পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । মুখখন ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মূৰৰ পৰা তেজ ওলাই থকা প্ৰত্যক্ষ কৰা হয় ।  

মৃত মহিলা গৰাকী পঞ্চাশ উৰ্ধৰ হ'ব বুলি ধাৰণা কৰা হৈছে । বুধবাৰে পুৱা উদ্ধাৰ হোৱা মৃতদেহৰ কাষত দুপাত চেণ্ডেল আৰু এটি পানী বটল উদ্ধাৰ হয় । এয়া হত্যা নে মহিলাগৰাকী পিছল খাই পৰি মৃত্যু হৈছে এই কথা নিশ্চিত নহয় । অচিনাক্ত মৃতদেহটোৰ পৰিচয় বৰ্তমানলৈকে পোহৰলৈ অহা নাই । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত‍্যুৰ ৰহস‍্য জানিব পৰা যাব । 

লগতে পঢ়ক: Assam Gas Company Limited: 2 বছৰত 70 কোটি টকাৰ লোকচানৰ সন্মুখীন অসম গেছ কোম্পানী লিমিটেড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.