Dokmoka Murder Case: ভূমি সংঘাতক কেন্দ্ৰ কৰি খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ভতিজীয়ে

By

Published : Apr 1, 2023, 10:11 PM IST

thumbnail

ডিফু, ১ এপ্ৰিল: কাৰ্বি আংলং জিলাৰ ডিফুৰ ডকমকাত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি (Dokmoka Murder Case) ৷ খুৰাকৰ ছুৰিকাঘাতত প্ৰাণ হেৰুৱালে ভতিজাকে ৷ প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে ডকমকা আৰক্ষী থানা এলেকাৰ ছামতাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ ছুৰিকাঘাতত নিহত হৈছে জয়া ৰংহাঙপী নামৰ এগৰাকী মহিলা (Uncle stabbed niece) ৷ 

উল্লেখযোগ্য যে, জয়া ৰংহাংপী নামৰ মহিলাগৰাকীয়ে পৈত্ৰিক সম্পত্তি হিচাপে ভূমি লাভ কৰিছিল ৷ কিন্তু সেই ভূমিখিনি বাবু ৰংহাং নামৰ খুৰাকজনে কৌশলেৰে আন এজন লোকক বিক্ৰী কৰে ৷ এই কথা গম পাই জয়া অসন্তুষ্ট হৈ পৰে (Uncle killed niece at Dokmoka )৷ জয়াই মাটি বিক্ৰীৰ বাবে প্ৰতিবাদ কৰাত শুকুৰবাৰে খুৰাক বাবু ৰংহাঙে ডকমকাৰ ভেলৌঘাটৰ পৰা জয়াৰ স্বামীগৃহ ছামতাত দুই সংগীৰ লগত উপস্থিত হয় ৷ তেতিয়াই খুৰাৰে কথা পতাৰ চলেৰে মোনাত লুকুৱাই লৈ অহা ছুৰীৰে জয়াক হানি খুচি হত্যা কৰে ৷ 

লগে লগে জয়াক স্বামীয়ে সংকটজনক অৱস্থাত ডকমকা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসালয়তেই মৃত্যু হয় জয়াৰ  ৷ এই ঘটনাৰ পিচতেই হত্যাকাৰী খুৰাক বাবু ৰংহাঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শনিবাৰে ডিফু জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায় ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত ডকমকা থানাত ২১/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে বুলি জয়াৰ স্বামীয়ে জানিবলৈ দিয়ে ৷  

লগতে পঢ়ক: Fake tantrik in Jorhat: যোৰহাটত 14 টাকৈ ভুৱা তান্ত্ৰিক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.