Srinkhal Chaliha arrested: শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী উজ্জ্বল চুতীয়াৰ
🎬 Watch Now: Feature Video
ধেমাজি,৪ মে': শৃংখল চলিহাক গ্ৰেপ্তাক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ বৃহস্পতিবাৰে ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিনা চৰ্তে নেতাগৰাকীক চৰকাৰে মুক্তি দিব লাগে (Srinkhal Chaliha arrested) ৷ শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা কাৰ্যক সহজভাৱে মানি ল'ব পৰা নাই সংগঠনটোৱে (Ujjal Chutia demands to release of Srinkhal Chaliha) ৷
সভাপতিগৰাকীয়ে চৰকাৰৰ এই কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰে । ই গণতন্ত্ৰৰ পৰিপন্থী বুলি উল্লেখ কৰি উজ্জ্বল চুতীয়া গণতন্ত্ৰক আচলতে হত্যা কৰা হৈছে (Ujjal Chutia slams BJP Govt) ৷ অসমৰ সকলো স্তৰৰ জনসাধাৰণক একত্ৰিত হ'বলৈ আহ্বান জনায় কয় যে এনে কাৰ্য অদূৰ ভৱিষ্যতে এক অশনি সংকেত দিছে ৷ অসমীয়াই যদি অসমৰ হকে বা অসমীয়া হকে মাত নামাতে তেন্তে আগন্তুক দিনত আৰু বেয়া দিনৰ সন্মুখীন হ'ব লাগিব বুলি সকিয়াই দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ।
লগতে পঢ়ক: Manipur Violence: অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ