thumbnail

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:22 PM IST

ETV Bharat / Videos

All Assam karate competition:অসম ভিত্তিত হোৱা কাৰাটে প্ৰতিযোগিতাত জিলিকিল স্বস্তিকা-আয়ুষ

সৰুপথাৰ, 9 নৱেম্বৰ : ৫ নৱেম্বৰ তাৰিখে যোৰহাটত অসম ভিত্তিত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধনশিৰি মহকুমাৰ নগাজুৰী গাঁৱৰ স্বস্তিকা গগৈয়ে । উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰীগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে এচৰ চুবুৰীয়া ৷

অন্যহাতে কাৰ্বি আংলং জিলাৰ দেওপানীৰ জিতু গুৰুঙৰ পুত্ৰ আয়ুষ গুৰুঙে দ্বিতীয় পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হয় । সপ্তম শ্ৰেণী ছাত্ৰজনৰ এই সফলতাত গৌৰাৱান্বিত পিতৃ-মাতৃ তথা ওচৰ চুবুৰীয়া ।

দুয়োগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীয়ে ভূপাল ৰায়ৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল ৷ এই সফলতা অৰ্জন কৰাৰ পাচত দুয়োগৰাকীয়েই প্ৰশিক্ষকজনৰ বিষয়ে উল্লেখ কৰে । অতি পিছপৰা অঞ্চলৰ পৰা ওলাই অহা দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীৰ সফলতাই আনন্দিত কৰিছে সকলোকে । বিষেশভাৱে গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহ বিকশিত হোৱাত আদৰ্শ হৈ পৰিছে প্ৰশিক্ষক ভূপাল ৰায় ।

লগতে পঢ়ক : Police arrested for assaulting a woman:নাৰী কমনীয়, বহু সময়ত পুৰুষে পাহৰি যায় কৰণীয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.