Boat capsized: বনভোজ খাবলৈ গৈ সলিল সমাধি দুজন যুৱকৰ - Boat capsized
🎬 Watch Now: Feature Video
গোলাঘাট জিলাৰ ৰোহিতা চাপৰিত অঘটন । ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি দুই যুৱকৰ (Two youths drowned in the Brahmaputra) । গোলাঘাট জিলাৰ ৰঙাগড়া বাগিচাৰ দহজন যুৱকে আজি পিকনিক খাবলৈ গৈছিল ৰোহিতা চাপৰিলৈ (Rohita Chapori in Golaghat) । পিকনিক খোৱাৰ পাচত ব্ৰহ্মপুত্ৰৰ এটি সুঁতি পাৰ হৈছিল নাৱেৰে । কিন্তু হঠাৎ নাওখন ডুব যায় ব্ৰহ্মপুত্ৰৰ মাজভাগত (Boat capsized in Golaghat) । ফলত আটাইকেইজন যুৱক ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় । বাকীসকল কোনোমতে ৰক্ষা পৰে যদিও মৃত্যুমুখত পৰে দুজন যুৱক । মৃত যুৱকদ্বয়ৰ নাম ৰঞ্জন মিৰ্ধা আৰু বিনোদ চাহু । বহু চেষ্টাৰ অন্তত স্থানীয় লোকৰ সহযোগত দুই যুৱকৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:38 PM IST