নতুন বৰ্ষত মহানগৰীত ২০০০ টা চি চি কেমেৰা সংস্থাপনৰ লক্ষ্য - চিচি টিভি
🎬 Watch Now: Feature Video
Published : Jan 1, 2024, 5:03 PM IST
গুৱাহাটী, ১ জানুৱাৰী : মহানগৰবাসীলৈ সুখবৰ । নতুন বৰ্ষতে মহানগৰীত সংস্থাপন কৰা হ’ব চিচি টিভি । মহানগৰীৰ বিভিন্ন স্থানত ২০০০ টা চি চি কেমেৰা সংস্থাপন কৰা হ’ব । এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে । তেওঁ সোমবাৰে ২০০ খন ইলেকট্ৰনিক বাছ মুকলি কৰি ভাষণৰ প্ৰসংগত কয়, গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে মহানগৰীত চিচি টিভি সংস্থাপন কৰিব পাৰিলে ডাঙৰ অৰিহণা হ’ব । আইন শৃংখলা, অপৰাধ ৰোধ, পথ দুৰ্ঘটনা আদিৰ বাবে চিচি টিভিৰ প্ৰয়োজন । গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে ২০২৪ চনত মহানগৰীত যিকোনো প্ৰকাৰে চিচি টিভি সংস্থাপন কৰিবলৈ সংকল্প লওক । শৰাইঘাট দলঙত আজিলৈকে চি চি কেমেৰা নথকাক লৈ মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰে ।
তেওঁ লগতে কয়, শৰাইঘাট দলঙৰ পৰা একাংশ মানসিকভাৱে দুৰ্বল লোকে আত্মহত্যাৰ পথ বাছি লয় । পৰিয়ালৰ লোকে নিৰুদ্দেশ হোৱা বুলি থানাত গোচৰ দিয়ে কিন্তু আৰক্ষীয়ে চি চি কেমেৰা নথকাৰ বাবেই আত্মহত্যাৰ কথা প্ৰমাণ কৰিব নোৱাৰে ।
লগতে পঢ়ক : নতুন বছৰত ন-উদ্যমেৰে কাম কৰিব অসম গণ পৰিষদে