thumbnail

INDO NEPAL Youth Games 2023 : নেপালত সোণৰ পদক অৰ্জন তিনিচুকীয়াৰ দুই খেলুৱৈৰ; ৰাইজে জনালে উষ্ম আদৰণি

By

Published : Apr 17, 2023, 12:46 PM IST

তিনিচুকীয়া,১৭ এপ্ৰিল : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসমীয়াৰ দপদপনি অব্যাহত আছে । এইবাৰ নেপালত অনুষ্ঠিত য়ুথ গেমছত ভাৰতীয় যুৱ দলে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । দলটোত অসমৰ তিনিচুকীয়াৰ দুজন খেলুৱৈ আছিল । সোণৰ পদক অৰ্জন কৰি স্বগৃহত উপস্থিত হোৱাৰ লগে লগে দুয়োগৰাকী খেলুৱৈক উষ্ম আদৰণি জনালে ৰাইজে ।

উল্লেখ্য যে নেপালত অনুষ্ঠিত হৈছিল ইণ্ডু-নেপাল আন্তঃৰ্জাতিক য়ুথ গেম্‌ছ চেম্পিয়নশ্বিপ ২০২৩ (INDO NEPAL Youth Games 2023)। য'ত হেণ্ডবল খেলত ভাৰতীয় যুৱ দলে নেপাল দলক পৰাজয় কৰি সোণৰ পদক লাভ কৰে (Indian Handball team won gold at Nepal)। ভাৰতীয় যুৱ দলক প্ৰতিনিধিত্ব কৰা তথা সোণৰ পদক লাভ কৰি সমগ্ৰ দেশৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে তিনিচুকীয়া জিলাৰ ফিল'বাৰী ৰহবাৰী হাঁহখাটী গাঁৱৰ লীলাম্বৰ মৰাণ আৰু কাকপথাৰ টঙনাৰ ৰক্তিম মৰাণে ।

পদক জয়ৰ পাচতে দুয়োগৰাকী খেলুৱৈ স্বগৃহত উপস্থিত হয় । খেলুৱৈ দুগৰাকীক বিভিন্ন দল-সংগঠন আৰু ৰাইজে উষ্ম আদৰণি জনায় (Warm welcome to Tinsukia players)। গীত-নৃত্যৰ জৰিয়তে দুয়োগৰাকী খেলুৱৈ আদৰণি জনায় স্থানীয় লোকসকলে ।

লগতে পঢ়ক :ATPA Shield Football : বিদ্যুৎ পৰিষদক পৰাস্ত কৰি এটিপিএ ফুটবলৰ ফাইনেলত চিৰাং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.