নুনমাটি আৰক্ষীৰ জালত পৰিল দুই তেলচোৰ - Oil theft racket in Guwahati
🎬 Watch Now: Feature Video
Published : Dec 19, 2023, 8:48 PM IST
গুৱাহাটী,১৯ ডিচেম্বৰ: আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ লৈ গুৱাহাটী মহানগৰীত সক্রিয় হৈ পৰিছে তেল চুৰি চক্র । গুৱাহাটী শোধনাগাৰৰ একাংশ অসাধু বিষয়াৰ ছত্ৰছায়াত দীর্ঘদিন ধৰি তেল চুৰি চক্ৰটোৱে চোৰাং তেলৰ বেহা চলাই অভিযোগ উত্থাপন হৈ আহিছে । বি জি য়ার্ড আৰু মঠঘৰীয়াত এই তেলচুৰি চক্রটোবে প্রতিদিনে গুৱাহাটী শোধানাগাৰৰ তেল চুৰি কৰি বিভিন্ন স্থানত বিক্ৰী কৰি আহিছে বুলি এক তথ্য প্ৰকাশ পাইছিল । নুনমাটি আৰক্ষীয়ে লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত মঙলবাৰে মঠঘৰীয়াৰ বিজি তিনিআলিত অভিযান চলাই ৩০০ লিটাৰ ডিজেলসহ দুটা তেল চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
তেল চুৰি চক্রটোৱে বি জি য়াৰ্ডৰ উৰণসেতুৰ তলত চুৰি তেল বিক্ৰী কৰি থকাৰ সময়তে AS01-LC-9781 নম্বৰৰ টাটা ইনট্রা কন্টেইনাৰ বাহনখন জব্দ কৰে । বাহনখনৰ পৰা অভিযানকাৰী দলটোৱে ৩০০ লিটাৰ ডিজেল আৰু দুই তেলচোৰ ক্রমে বিজয় চৌধুৰী আৰু জয়নাল আলীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় । নুনমাটি আৰক্ষীয়ে ঘটনা সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯, R/W 7 অত্যাৱশ্যকীয় সামগ্রী এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি দীর্ঘদিন ধৰি এটা বৃহৎ চক্রই আবাধে চুৰি তেলৰ ব্যৱসায় চলাই আহিছিল ।
লগতে পঢ়ক: চুৰি ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতেই চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
TAGGED:
Oil theft racket in Guwahati