Guwahati serial rape case : চিকিৎসক দম্পতীৰ নৃশংস ৰূপ, দুই শিশুক চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৪ জুন : নুনমাটিৰ দুগৰাকী শিশুৰ ওপৰত হোৱা ইটোৰ পিচত সিটোকৈ ধৰ্ষণৰ ঘটনা পিচতে শিশু সুৰক্ষা কৰ্মী মিগুৱেল দাস কুইয়াই সংবাদ মাধ্যমৰ আগত দিয়া বিস্ফোৰক মন্তব্যই এই ঘটনাক নতুন মোৰ দিছে ।
মিগুলেৱ দাসে কোৱা অনুসৰি, পশু চিকিৎসক ডাঃ ৰাজা দাস আৰু পত্নীয়ে প্ৰায় ২ বছৰ পূৰ্বে কিনি আনিছিল শিশু দুটিক। শিশু দুটিৰ বয়স প্ৰায় ৯ আৰু ১২ বছৰ। ডাঙৰ শিশুটিৰ ঘৰ অৰুণাচলৰ ৰয়িং অঞ্চলৰ। দুই শিশুৰ ওপৰত চিকিৎসক দম্পতীয়ে প্ৰায়ে চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন।
সেই নিৰ্যাতন সহিব নোৱাৰি শনিবাৰে দুয়ো পলাই গৈছিল চিকিৎসকৰ ঘৰৰ পৰা। তাৰ পৰা ওলাই গৈ আইচক্ৰীম বেপাৰী আৰু এজন বৃদ্ধ লোকৰ হাতত বলপূৰ্বক ধৰ্ষণৰ বলি হৈছিল শিশুদুটি। আনকি চিকিৎসকৰ মতে ডাঙৰ শিশুটিৰ যৌনাংগত আঘাতৰ চিন পোৱা গৈছে।
ইয়াৰ পূৰ্বেও ডুমডুমাৰ এঘৰ লোকৰ ঘৰত যৌন নিৰ্যাতন বলি হৈছিল ডাঙৰ শিশুটি । এই ঘটনাৰ পিচতে চিকিৎসক দম্পতীহাল শিশু সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে শিশু সুৰক্ষা কৰ্মী মিগুৱেল দাসে।
উল্লেখ্য যে পাথৰকোৱাৰীস্থিত নীলাচল এপাৰ্টমেন্টৰ C-4 এপাৰ্টমেন্টটোত থকা পশু চিকিৎসক ডাঃ ৰাজা দাসৰ পত্নী অৰুণাচলৰ হোৱা বাবেই শিশু দুটিক আনিছিল অৰুণাচলৰ পৰা। এই ঘটনাৰ অভিযোগত পশু চিকিৎসকগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পিচতেই ৰহস্যজনকভাৱে এপাৰ্টমেন্টটোৰ পৰা পলাতক হৈ আছে পত্নীসহ ২ সন্তান ।
লগতে পঢ়ক: Guwahati Serial gang rape : পুনৰ ৰাজ্যত কিশোৰী ধর্ষণৰ ঘটনা