ৰৌতাত বন্যহস্তীৰ আক্ৰমণত আহত দুগৰাকী লোক - wild elephant attack news
🎬 Watch Now: Feature Video
Published : Dec 25, 2023, 1:38 PM IST
ওদালগুৰি, 25 ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ৰৌতাত বনৰীয়া হাতীৰ তাণ্ডৱ । হাতীৰ আক্ৰমণত দুগৰাকী লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছে ।
ঘটনাৰ বিৱৰণী অনুসৰি ওদালগুৰি জিলাৰ ৰৌতাত সোমবাৰে পুৱতি নিশাৰ পৰাই এজাক বনৰীয়া হাতীয়ে তাণ্ডৱলীলা চলায় । ঘন জনবসতিপূৰ্ণ অঞ্চলটোত বন্যহস্তীৰ প্ৰৱেশত আতংকিত হৈছে গঞা ৷ ভয়তে গঞাই ঘৰ-বাৰী এৰি ৰাজপথলৈ ওলাই আহে। তাৰ পিচতে গঞাই বোমা ফুটাই, ট্ৰেক্টৰৰ শব্দৰে হাতী খেদাৰ চেষ্টা চলায় ৷
গাঁৱৰ লোকে কোৱা অনুসৰি, হাতীৰ জাকটোত 100 টা হাতী আছিল ৷ হাতীৰ এই বৃহৎ জাকটোৱে ৰৌতাৰ ধনশ্ৰীখুঁটি, ৰৌতা বাগান, ৰৌতা ষ্টেচনতো তাণ্ডৱ চলায় ।
ইফালে বন্যহস্তীৰ গচকত ৰৌতা বাগান ভিচিডিচিৰ প্ৰাক্তন চেয়াৰমেন জয়ন্ত হাজৰিকা আৰু মীনাক্ষী সিংহ নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । ইয়াৰে জয়ন্ত হাজৰিকা নামৰ লোকজনক ৰৌতা মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত ততাতৈয়াকৈ তেওঁক GMCH লৈ প্ৰেৰণ কৰা হয় । আহত আনগৰাকী মহিলা বৰ্তমান ৰৌতা চিকিৎসালয়ত ভৰ্তি হৈ আছে । বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে খেতি-বাতি নষ্ট কৰাৰ লগতে বাসগৃহৰো ক্ষতি সাধন কৰিছে ।
লগতে পঢ়ক: স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি লংকেশ্বৰত চোৰৰ হাত চাফাই অভিযান