Road Accident : মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল দুজনৰ

By

Published : Jan 31, 2023, 10:34 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গোৱালপাৰা, 31 জানুৱাৰী: মঙলবাৰে সন্ধিয়া গোৱালপাৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Goalpara)।  দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয় (Two dead in road accident) ৷

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত গোৱালপাৰাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত মালাধৰাৰ সমীপৱৰ্তী গজাপাৰাত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাটো ৷ দুখন বিপৰীতমুখী তীব্ৰ বেগী মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত দুয়োখন বাইক বিধ্বস্ত হৈ পৰে ।  

ফলত বাইক দুখনৰ দুই চালক আৰু দুই আৰোহী ৰাজ্যিক ঘাইপথৰ ওপৰত ছিটিকি পৰে ৷ এই পথ দুৰ্ঘটনাত দুয়োখন বাইকৰ চালক ক্ৰমে মঞ্জিত ৰাভা আৰু কুৰবান আলী ঘটনাস্থলীতেই নিহত হয় । নিহত মঞ্জিত ৰাভা এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ আৰু কুৰবান আলী এগৰাকী শিক্ষক আছিল বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকৰ তৎপৰতাত গুৰুতৰভাৱে আহত হোৱা বাইক দুখনৰ আন দুগৰাকী আৰোহী ক্ৰমে সৌৰভ ৰাভা আৰু পাৰবীন চুলতানাক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Two Injured in road accident) । স্থানীয় লোকে খবৰ অনুসৰি আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰিছে ৷ সম্প্ৰতি আহত দুয়োগৰাকীৰ অৱস্থা সংকটজনক বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷  বুধবাৰে দুয়োজনৰে মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত (Goalpara civil hospital) মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷  

শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে (Ministry of road transport and highway) প্ৰকাশ কৰা ‘ৰোড এক্সিডেণ্ট ইন ইণ্ডিয়া ’(Road accident in India) শীর্ষক প্ৰতিবেদনত অসমত পথ দুৰ্ঘটনাৰ হাৰ বৃদ্ধি হোৱাৰ তথ্য উল্লেখ কৰা হৈছিল  ৷ প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য অনুসৰি 2017, 2018 আৰু 2020 চনতকৈ 2021 চনত দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোক সংখ্যা যথেষ্ট বেছি । 

লগতে পঢ়ক: Tragic accident in Dhubri: শোকাৱহ ! সৰস্বতী পূজালৈ ওলাই গৈ দুই ছাত্ৰীৰ দুৰ্ঘটনাত মৃত্যু

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.