Two children drowned: ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱাই কাল হ’ল দুই কিশোৰৰ বাবে - ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি
🎬 Watch Now: Feature Video
গুৱাহাটী, 5 মে’ : মহানগৰীৰ চূণচালি সৃষ্টি নগৰত সংঘটিত হৈছে এক অঘটন । সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুই কিশোৰৰ । মৃত কিশোৰ দুগৰাকী হৈছে ক্ৰমে চান্দমাৰীৰ পিয়লি ফুকন নগৰৰ জেচুৱা ইছলাৰী (১৪) আৰু জিত ঠাকুৰীয়া (১৭) (two children drowned in Bramahaputra ) ।
জানিব পৰা মতে জ্যোতি নগৰৰ পূৱ গুৱাহাটী হাইস্কুলত অধ্যয়নৰত কিশোৰ দুগৰাকীয়ে স্কুল বন্ধৰ সুযোগ লৈ আজি দুপৰীয়া ভাগত আন তিনিজন বন্ধুৰ সৈতে চূণচালি সৃষ্টি নগৰৰ সমীপত থকা ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ যায় । গা ধুই থকা অৱস্থাতে দুই কিশোৰ পানীৰ তলৰ বোকাত সোমাই যায় (two children died in Bramahaputra) । লগে লগে তেওঁৰ আন সমনীয়া কেইজনে বচোৱাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় । পিচত কিশোৰ কেইজনে এই কথা স্থানীয় লোকক জনোৱাত স্থানীয় লোকে SDRF আৰু নুনমাটি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত SDRF ৰ লোক উপস্থিত হৈ পানীত অভিযান চলাই দুই কিশোৰক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : Priya Datta from Jorhat : এগৰাকী কণমানি কিশোৰীৰ কৰুণ জীৱন গাঁথা; লাগে আপোনাৰ কিঞ্চিৎ সহায়