বিলাসী বাহনত গৰুসহ দুই সৰবৰাহকাৰী আটক, জব্দ তিনিখন ভুৱা নম্বৰপ্লেট
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ২৩ নৱেম্বৰ: ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে গৰু চুৰিৰ ঘটনা ৷ বুধবাৰে নিশা তিনিচুকীয়াৰ নগাজান বজালনীত লাংকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত গোধনসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে দুখন চেভ্ৰুলেট বাহনৰ ভিতৰত কেইবাখনো ভুৱা নম্বৰপ্লেটৰ লগতে গোধন বন্ধা ৰচী জব্দ কৰে আৰক্ষীয়ে ।
ইফালে বাহনকেইখনে আৰক্ষীৰ বাহন দেখি পলাবলৈ লওঁতেই আৰক্ষীৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হৈ দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত আৰক্ষীৰ বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ৷ পৰৱৰ্তী সময়ত বাহন কেইখনৰ ভিতৰত চোৰাংভাৱে সৰবৰাহ কৰা অৱস্থাত দুটাকৈ গৰু জব্দ কৰা হয় ৷ জব্দ কৰা চেভ্ৰুলেট বাহন দুখনৰ নম্বৰ হ'ল As06 H7044 আৰু As06 G1746 ৷ লগতে বাহনখনত জব্দ কৰা ভুৱা নম্বৰ প্লেটকেইখনৰ নম্বৰ হ’ল As06 F5494, As04 M5601 আৰু As06 F5494 ।
ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনা লগত জড়িত দুজন ব্যক্তিক আটক কৰিছে । আটকাধীনদ্বয় ডিব্ৰুগড়ৰ চাউলখোৱা ঘৰবন্দী চুকৰ ৰুস্তম আলী (২৪) আৰু ইমৰাণ আলী (৩৪) । দুয়োকে আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: মাতৃৰ চিকিৎসাৰ বাবে গৈছিল গৃহস্থ, খালী বাসগৃহত চোৰৰ চাফাই অভিযান