ডুমডুমাত চোৰাংভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক জব্দ - তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চল
🎬 Watch Now: Feature Video

তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহেৰে অৰুণাচল প্ৰদেশৰ পৰা প্ৰায়েই চোৰাংভাৱে সৰবৰাহ হয় কাঠভৰ্তি বাহন (Wood smuggling in Tinsukia) ৷ ডুমডুমা বন বিভাগে(Doom Dooma forest protection squad) গোপন খবৰৰ ভিত্তিত অভিযান চলাই পুনৰ এখন কাঠভৰ্তি ট্ৰাক জব্দ কৰে (Timber loaded truck seized at Doom Dooma)। AS01 LC 0136 নম্বৰৰ ট্ৰাকখনৰে চোৰাংকৈ সৰবৰাহ কৰিছিল বহু মূল্যবান কাঠ । কাঠখিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে । অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ পৰা এই কাঠখিনি অনা হৈছিল । কাঠভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক ৷
Last Updated : Feb 3, 2023, 8:28 PM IST