thumbnail

By

Published : May 7, 2023, 10:47 PM IST

ETV Bharat / Videos

Cough syrup seized: বৃহৎ পৰিমাণৰ কফ চিৰাপসহ সৰবৰাহকাৰী আটক

কৰিমগঞ্জ, 7 মে’: কৰিমগঞ্জ জিলাৰ চুৰাইবাৰীত কফ চিৰাপ ভৰ্তি এখন ট্ৰাক জব্দ কৰা হৈছে ৷ জব্দকৃত কফ চিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ২০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Cough syrup seized)৷ জানিব পৰা মতে, খুচুৰা সামগ্ৰী ভৰ্তি ট্ৰাকখন অসম-ত্ৰিপুৰা সীমান্তৰ প্ৰৱেশদ্বাৰৰ চুজৰাইবাৰী চকীদাৰৰ চেক গেটত উপস্থিত হোৱাৰ সময়ত কৰ্তব্যৰত আৰক্ষী জোৱানসকলে ট্ৰাকখন ৰখাই তালাচী চলায়। 

আৰক্ষীয়ে ট্ৰাকখনৰ পৰা মুঠ ৩৫,৩০০ বটল পফ চিৰাপ উদ্ধাৰ কৰে ৷ লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহ-চালকক গ্ৰেপ্তাৰ কৰে (Two detained at Churaibari)। আটকাধীন দুজন ক্ৰমে মায়ংক শৰ্মা আৰু বিশাল মিঞা বুলি জানিব পৰা গৈছে । দুয়োৰে ঘৰ উত্তৰ প্ৰদেশৰ মোৰাদাবাদ চহৰৰ কান্থ্ৰ’ড চিভিল লাইনত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গাড়ীখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: Jorhat Porn video case: মানসিক তৃপ্তিৰ বাবেই প্ৰস্তুত কৰিছিল নগ্ন ভিডিঅ’; জেৰাত স্বীকাৰ অভিযুক্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.