বাক্সাত ডাম্পাৰ চালক সন্থাৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 10:13 PM IST

বাক্সা, 02 জানুৱাৰী : অমিত শ্বাহ মুৰ্দাবাদ, ক’লা আইন বাতিল কৰক ইত্যাদি ধ্বনিৰে মঙলবাৰে উত্তাল হৈ পৰিল বাক্সাৰ আকাশ-বতাহ ৷ শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে গাড়ী চালকসকলৰ বিৰুদ্ধে যি কঠোৰ আইন বলবৎ কৰিছে তাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ডাম্পাৰ চালক সন্থাই ৷

বাক্সা জিলাখনৰ চিনাদীত ট্ৰাক ড্ৰাইভাৰসকলে মঙলবাৰে একত্ৰিত হৈ চৰকাৰে গ্ৰহণ কৰা আইনখন বাতিল কৰিবলৈ দাবী জনায় ৷ সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰী চালকসকলে কয়, ‘‘কোনেও দুৰ্ঘটনা কৰো বুলি নকৰে ৷ গতিকে চৰকাৰে এই আইনখন বাতিল কৰিব লাগে’’ ৷

আনকি চৰকাৰে এই আইনখন বাতিল নকৰালৈকে ডাম্পাৰ চালকসকলে ডাম্পাৰ নচলায় বুলিও হুংকাৰ প্ৰদান কৰে গাড়ী চালকসকলে ৷ কেৱল বাক্সাতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গাড়ী চালকসকলেও প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : ট্ৰাক চালকৰ প্ৰতিবাদত কঁপিল তেজপুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.