Tribute to Sarat Barkataki: প্ৰয়াত কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকী
🎬 Watch Now: Feature Video
Published : Nov 1, 2023, 11:19 AM IST
ডিব্ৰুগড়, 1 নৱেম্বৰ: সোমবাৰে পৰলোকপ্ৰপ্তি ঘটে সোণাৰি সমষ্টিৰ পাঁচবাৰৰ বিধায়ক, প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ । সদ্য প্ৰয়াত জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে মংগলবাৰে সোণাৰিত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সোণাৰি গাওঁৰক্ষী বাহিনী আৰু মছলাপট্টি ব্যৱসায়ী সন্থাৰ উদ্যোগত প্ৰয়াত কংগ্ৰেছ নেতাগৰাকীক সুৱঁৰি বন্তি প্ৰজ্বলন কৰা হয় ।
1991 চনৰ পৰা প্ৰায় 25 টা বছৰ সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি পেলাইছিল সমগ্ৰ ৰাজ্যৰ লগতে সমষ্টিবাসীক ৷ মংগলবাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অধিবক্তা জাকিৰ হুছেইন, সাংবাদিক দীপাংকৰ পাল, আব্দুল জব্বৰৰ লগতে স্থানীয় বহু লোকে অংশগ্ৰহণ কৰে। সোণাৰিৰ সমাজ জীৱনলৈ আগবঢ়াই যোৱা অৱদানৰ বাবেই প্ৰিয় নেতাগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ সোণাৰিৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
লগতে পঢ়ক: Veteran Congress leader Sarat Barkataki: আজি সোণাৰিত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ