Vande Bharat Express: অসমত বন্দে ভাৰত এক্সপ্রেছৰ ট্রায়েল ৰান আৰম্ভ - অসমত বন্দে ভাৰত এক্সপ্রেছৰ ট্রায়েল ৰান আৰম্ভ
🎬 Watch Now: Feature Video
গুৱাহাটী,২১ মে': অসমৰ ৰে’ল যাত্রীৰ বাবে সুখবৰ । দেওবাৰৰে পৰা গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্রেছৰ ট্রায়েল ৰান (Vande Bharat Express) । গুৱাহাটীলৈকে সফলতাৰে সম্পন্ন হ'ল বন্দে ভাৰত এক্সপ্রেছৰ পৰীক্ষামূলক চলাচল (Trial run of Vande Bharat Express begins in Assam) । নিউ জলপাইগুৰি ষ্টেচনৰ পৰা পুৱা ৬:১০ বজাত যাত্ৰা আৰম্ভ কৰা ৰে'লখনে মাত্ৰ ৫ ঘন্টা ৪৫ মিনিটতেই পল্টনবজাৰস্থিত গুৱাহাটী ৰে'ল ষ্টেচনত আহি উপস্থিত হয় ।
ৰাজধানী এক্সপ্ৰছতকৈ বেগেৰে চলে এই ৰে'ল (Indian Ralway) । এই ৰে'লখনৰ ঘন্টাত গতিবেগ প্ৰায় ১১০ কিলোমিটাৰ । সপ্তাহত ৬ দিন চলিবলগীয়া এই ৰে'লখনে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজৰ ব্যৱধান অতিক্ৰম কৰিবলৈ সময় ল'ব প্ৰায় ৫ ঘন্টা ৫০ মিনিট । ভাৰতৰ বিভিন্ন ৰাজ্যত এই ৰে'লখনে যাত্ৰা ইতিমধ্যেই আৰম্ভ কৰিছে ।
দুদিন পূৰ্বে উৰিষ্যা আৰু হাওৰাৰ মাজত এই ৰে'ল যাত্ৰা আৰম্ভ হোৱাৰ পিছত দেওবাৰে উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে অনুশীলন চলিছে ৰে'লখনৰ । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জুনৰ ভিতৰত দেশৰ সকলো ৰাজ্যতে এই ৰে'ল সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ ৰে'ল বিভাগক ইতিমধ্যেই নিৰ্দেশনা জাৰি কৰিছে ।
লগতে পঢ়ক: Junmoni Rabha mysterious death: ষড়যন্ত্ৰ কৰি হত্যা কৰিলে জোনমণি ৰাভাক: এবছু সভাপতি দ্বীপেন বড়ো