Tree Protection Awareness : মাজুলীত বৃক্ষ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 12:08 PM IST

thumbnail

মাজুলী, 30 অক্টোবৰ : বৃক্ষ অবিহনে মানুহ জীয়াই থকাটো অসম্ভৱ ৷ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ৰাজগড়ত সোমবাৰে বৃক্ষ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰা হয় । দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ, জিলা অতিৰিক্ত আয়ুক্ত, আৰক্ষী অধীক্ষকৰে লগতে জিলা বন বিভাগৰ লোকসকলে এই সভাত অংশগ্ৰহণ কৰে। 

চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও গছসমূহৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননি গোপাল দেৱ গোস্বামীয়ে। সকলো স্তৰৰ লোকক গছক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায় সত্ৰাধিকাৰগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, গছ থাকিলেহে মানুহ থাকিব । 

উল্লেখ্য যে, ৰাইজৰ মাজত বৃক্ষ আন্দোলনৰ সজাগতা গঢ়ি তোলাৰ বাবে দক্ষিণপাট সত্ৰৰ প্ৰচেষ্টাত এই সজাগতা সভা অনুষ্ঠিত কৰা হয়।

লগতে পঢ়ক: Bike theft gang : দুলীয়াজান আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.