বৰপেটাত ইলেকট্ৰনিক ভোটিং মেচিন প্ৰশিক্ষণ বুথ মুকলি

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 6:03 PM IST

thumbnail

বৰপেটা, 5 জানুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধি আৰু ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰিবলৈ বৰপেটা জিলা নিৰ্বাচন বিভাগে আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ ইয়াৰ অংশ হিচাপে ইলেকট্ৰনিক ভোটিং মেচিনত কিদৰে ভোটদান কৰিব লাগে সেইবিষয়ে অৱগত কৰিবলৈ আজি বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত এক প্ৰশিক্ষণ বুথ মুকলি কৰা হয় ৷

জিলা আয়ুক্ত আয়ুষ গৰ্গে এই বুথ মুকলি কৰে ৷ প্ৰধানকৈ নতুন ভোটাৰৰ প্ৰতি লক্ষ্য ৰাখি এই বুথটো স্থাপন কৰা হৈছে বুলি জনায় বৰপেটা জিলাৰ নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই ৷ বিষয়াগৰাকীয়ে লগতে সদৰী কৰে যে নিৰ্বাচনৰ দিন ঘোষণা কৰা সময়লৈ এই কেন্দ্ৰটো খোলা ৰখা হ’ব ৷ তেতিয়ালৈকে কাৰ্যালয় খোলা থকা দিনবোৰত ভোটাৰে কেন্দ্ৰটোলৈ আহি কিদৰে ইলেক্ট্ৰনিক ভোটিং মেচিনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে সেই বিষয়ে শিকিব পাৰিব ৷ দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে ভ্ৰাম্যমাণ বাহনৰ জৰিয়তেও সকলো ভোট কেন্দ্ৰত এই ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক : চকা বন্ধৰ বিৰোধিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.