সুৰা পাৰ্টীৰ ভয়ংকৰ পৰিণাম, কণ্ঠশিল্পী দেৱজিৎ সাহাৰ ভতিজীসহ চাৰি আহত
🎬 Watch Now: Feature Video
Published : Dec 19, 2023, 12:10 PM IST
শিলচৰ, 19 ডিচেম্বৰ : শিলচৰৰ ৰংপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । সুৰাৰ পাৰ্টী কৰি দ্ৰুতগতিত বাহন লৈ ঘৰত উভতি যোৱাৰ সময়ত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় AS 11D 9783 নম্বৰৰ এখন RITZ বাহনখন ৷ এই দুৰ্ঘটনাত আহত হয় Sa re ga ma pa বিজয়ী তথা বৰাকৰ বিশিষ্ট কণ্ঠশিল্পী দেৱজিৎ সাহাৰ ভতিজীসহ চাৰিগৰাকী । সম্প্ৰতি চাৰিগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে ৷
জানিব পৰা মতে, সোমবাৰৰ নিশা উধাৰবন্ধ অঞ্চলত থকা এটা ফাৰ্মহাউছত সুৰাৰ পাৰ্টীত অংশগ্ৰহণ কৰিছিল শিলচৰৰ অভিজাত পৰিয়ালৰ কেইবাজনো যুৱক-যুৱতী ৷ পাৰ্টী সমাপ্ত কৰি AS 11D 9783 নম্বৰৰ এখন RITZ বাহন লৈ চাৰি বন্ধু ঘৰলৈ উভতি যোৱাৰ সময়ত বাহনখন ভুল দিশেৰে আহি দ্ৰুতগতিত পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰে ৷ ফলত ৰাজপথত বাগৰি পৰে বাহনখন।
লগে লগে স্থানীয় লোকসকলে বাহনখনত থকা চাৰিগৰাকী য়ুৱক-যুৱতীক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে । আহত চাৰি বন্ধু ক্ৰমে হৰ্ষ জালান, দেবাংগনা সাহা, সপ্তৰ্ষি আচার্য আৰু প্রতাপ কান্দেৱাল ৷ ইয়াৰে দেবাংগনা সাহা আৰু হৰ্ষ জালানৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক ICUত ভৰ্তি কৰোৱা হৈছে ।
ইপিনে আহত দেবাংগনা সাহা বৰাকৰ বিশিষ্ট কণ্ঠশিল্পী দেৱজিৎ সাহাৰ ভতিজী বুলি জানিব পৰা গৈছে ।