Dhemaji Road Accident: ধেমাজিত তীব্ৰবেগী বাছে মহতিয়াই নিলে চাইকেল আৰোহীক - Dhemaji Road Accident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-06-2023/640-480-18778658-thumbnail-16x9-dhemaji-accident.jpg)
ধেমাজি,17 জুন: ধেমাজি লালুং তিনিআলিত শোকাৱহ পথ দুৰ্ঘটনা ৷ জোঁৱায়েকৰ ঘৰলৈ গৈ থকা অৱস্থাত তীব্ৰবেগী বাছে মহতিয়াই নিলে চাইকেল আৰোহীক ৷ তীব্ৰবেগী বাছৰ খুন্দাত নিহত এজন চাইকেল আৰোহী ৷ জানিব পৰা মতে AS-15-C-3593 নম্বৰৰ চিলাপথাৰৰ পৰা বৰপেটাৰোডলৈ গৈ থকা এখন তীব্ৰবেগী বাছে মহতিয়াই নিয়ে দুই চাইকেল আৰোহীক ৷ তীব্ৰ বেগী বাছৰ খুন্দাত থিতাতে নিহত হয় লখন চাংমাই নামৰ চাইকেল আৰোহী জন ৷ আনহাতে আহত হয় ববী চাংমাই নামৰ এগৰাকী মহিলা ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি বাছখনৰ ড্ৰাইভাৰে ধেমাজি সদৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে ৷
লগতে পঢ়ক:NIA case against MLA Akhil Gogoi : পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ !