ডিফুত সৌৰশক্তিৰ খুটা বাগৰি বৃদ্ধৰ মৃত্য়ু

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:51 PM IST

thumbnail

ডিফু, ২৪ নৱেম্বৰ : শুকুৰবাৰে বিয়লি প্রায় ৪ বজাত এগৰাকী বৃদ্ধই খোজ কাঢ়িবলৈ ওলাই আহি কৰুণভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে । ডিফু পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ নিবাসী প্রাক্তন আৰক্ষী বাহিনীৰ কৰ্মচাৰী তথা অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি কণপাই পাটৰ (৮৫) নামৰ ব্যক্তিগৰাকীয়ে দৈনিক খোজকঢ়াৰ দৰে আজিও ওলাই আহি পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখ পাওতে অকস্মাতে এটা সৌৰশক্তিৰ খুটা তেওঁৰ গাত বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

ঘটনাটো সংঘটিত হোৱাৰ পিচতেই তেওঁৰ পুত্রই ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ তেওঁক লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । উল্লেখ্য যে এক-দুই বছৰ পূর্বে নির্মিত এই পথৰ সৌৰশক্তিৰ খুটা এইদৰে বাগৰি পৰা ঘটনাত আশ্বর্য প্রকাশ কৰি স্থানীয় ৰাইজে এয়া অতি নিম্নমানৰ কামৰ নমুনা বুলি মন্তব্য় কৰিছে ।  

লগতে পঢ়ক:উৰন্ত অৱস্থাত বিমানৰ আপদকালীন দুৱাৰ খোলাৰ চেষ্টা, আটক দুই যাত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.