thumbnail

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:29 PM IST

ETV Bharat / Videos

Woman death: নলবাৰীত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ শোকাৱহ মৃত্যু

নলবাৰী, 21 ছেপ্টেম্বৰ: নলবাৰীৰ 4 নং বৰতলাত শোকাৱহ ঘটনা সংঘটিত হয় ৷ নিজ বাসগৃহতে বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত মহিলাগৰাকীৰ নাম মৰমী দাস (35) বুলি জানিব পৰা গৈছে । 

ঘটনাৰ অনুসৰি , নিজ গৃহতে লাইটৰ চুইচ বন্ধ কৰোঁতে বিদ্যুৎস্পৃষ্ট হৈ মহিলাগৰাকীৰ মৃত্যু হয় । জানিব পৰা মতে অঞ্চলটোৰ ট্ৰেঞ্চফৰটোত চৰ্ত শ্বাৰ্কিট হৈ জুই জ্বলি আছিল । সেই সময়তে মহিলাগৰাকীয়ে ঘৰত লাইটৰ চুইটচ বন্ধ কৰিবলৈ গৈছিল ৷ তেতিয়াই তাৰ পৰা বৈদ্যুৎ প্ৰৱাহিত হৈ মহিলাগৰাকীৰ মৃত্যু হয় ৷ 

এই ঘটনাৰ পিচতে পৰিয়ালটোত হুৱা-দুৱা লাগে ৷ ততাতৈয়াকৈ পৰিয়ালৰ লোকে মহিলাগৰাকীৰ মৃতদেহ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও তেতিয়া মহিলাগৰাকীৰ মৃতদেহ হয় ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

উল্লেখ্য যে, গাওঁখনত থকা ট্ৰেঞ্চফৰমাৰটো পূৰ্বতেও এনে ঘটনা সংঘটিত হৈছিল । বিদ্যুৎ বিভাগক বাৰম্বাৰ কোৱাৰ পিচতো বিভাগে কোনো গুৰুত্ব নিদিয়াৰ বাবে এই ঘটনা সংঘটিত হয় বুলি পৰিয়ালৰ লোকে ক্ষোভ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Cattle Smuggling: ডিগবৈত চোৰাংভাৱে সৰবৰাহ কৰা 23 টা গৰুসহ বাহন জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.