Goru Bihu Tragedy: গৰু গা ধুৱাই থকা অৱস্থাত যুৱকৰ সলিল সমাধি

By

Published : Apr 14, 2023, 8:05 PM IST

thumbnail

বৰপেটা, ১৪ এপ্ৰিল: আজি গৰু বিহু (Goru Bihu 2023) ৷ ৰাজ্যজুৰি গৰু বিহু উলহে মালহে পালন কৰাৰ মাজতে বৰপেটাৰ হাউলীৰ পৰাভঁৰাল গাঁৱত শোকাৱহ ঘটনা সংঘটিত হৈছে (Goru Bihu Tragedy) ৷ পল্লা নৈত গৰুক গা ধুৱাই থকা অৱস্থাত এজন যুৱকৰ সলিল সমাধি ঘটে (Youth death at Howly) ৷ মৃত যুৱকজনৰ নাম শান্তনু নাথ ওৰফে সুজিৎ বুলি জানিব পৰা গৈছে ৷  ঘৰখনৰ একমাত্ৰ সন্তান আছিল শান্তনু ৷ যুৱকজনে BH মহাবিদ্যালয়ত স্নাতক দ্বিতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল ৷  

শুকুৰবাৰে পুৱা পৰাভঁৰাল গাঁৱৰ গঞাৰ সৈতে যুৱকজনে গাঁওখনৰ সমীপৰ পল্লা নৈত গৰু গা ধুৱাবলৈ গৈছিল ৷ নৈখনৰ 'কুৰ' এটাত গৰু গা ধুৱাই থকা অৱস্থাতে যুৱকজন নৈখনৰ গভীৰ পানীত ডুব যায় ৷ অৱশ্যে ঘটনাটোৰ প্ৰায় ৪০ মিনিট পিচত স্থানীয় লোকে অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰে যদিও ইতিমধ্যে যুৱকজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে চিকিৎসকে ৷  

পৰিয়াল আৰু গাঁওবাসীয়ে বিহুৰ আয়োজনত ব্যস্ত থকাৰ সময়তে সংঘটিত হোৱা এই শোকাৱহ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ ইপিনে গাঁওখনত একাংশ লোকে অবৈধভাৱে মেচিনেৰে মাটি কটাৰ বাবেই যুৱকজনে কৰুণ মৃত্যুক সাৱটিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক: Extra Marital Affair: বহিঃৰাজ্যত যুৱকৰ মৃতদেহ উদ্ধাৰ; প্ৰেমিকাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

নৈৰ তলত চেল' মেচিনেৰে মাটি কটাৰ ফলত সৃষ্টি হোৱা গভীৰ গাঁতত পৰি এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই গাঁওবাসীয়ে ৷ এইক্ষেত্ৰত নৈখনত কোনে অবৈধভাৱে মাটি খান্দিছিল সেই বিষয়ে আৰক্ষীক তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে গাঁওবাসীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.