গোনা ম’হৰ যুঁজত কঁপিল মৰিগাঁৱৰ পথাৰ - গোনা ম’হৰ যুঁজত কঁপিল মৰিগাঁৱৰ পথাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 7:25 PM IST

মৰিগাঁও, 16  জানুৱাৰী : আজি পহিলা মাঘ, মঙলবাৰ । পহিলা মাঘৰ দিনটোত মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত আঁহতগুৰি, মিকিৰভেটা আৰু বৈদ্যবড়ীত পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰা হয় গোনা ম’হৰ যুঁজ । এই ম'হ যুঁজ পথাৰত লক্ষ-লক্ষ ম’হ যুঁজপ্ৰেমী উপস্থিত থাকে ।

সুদীৰ্ঘ ছয় বছৰৰ পিচত নতুন নীতি নিয়মেৰে অনুষ্ঠিত হয় মাঘ বিহুৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান গোনা ম’হৰ যুঁজ । সেয়েহে হিলদল ভাগি বিহুবলীয়া ৰাইজে ভিৰ কৰে ম’হ যুঁজথলীত । উল্লেখ্য যে, এই ম’হ যুঁজ চাবলৈ সাধাৰণ জনতা বাদেই, মন্ত্ৰী-বিধায়কেও মৰিগাঁৱৰ ঐতিহাসিক আঁহতগুৰিৰ লক্ষীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত হেতা-ওপৰা কৰা পৰিলক্ষিত হয় ।

একেদৰে মিকিৰভেটা আৰু বৈদ্যবড়ীতো অনুৰূপ দৃশ্যই দেখা গ’ল আজিৰ দিনটোত । চৰকাৰে বান্ধি দিয়া নতুন SOP মানি সকলোৱে উপভোগ কৰে গোনা ম'হৰ যুঁজ । কোনোবাই যদি এহাল যুঁজ দিছে, আন কোনোবাই আকৌ এখুন্দা মাৰিয়েই ভিৰাই লৰ মাৰিছে ।

সেয়া যিকি নহওক বহুবছৰৰ মূৰত অনুষ্ঠিত হোৱা ম’হ যুঁজ উপভোগ কৰাৰ বাবে পহিলা মাঘৰ দিনটোত লক্ষ-লক্ষ ম'হ যুঁজপ্ৰেমীৰ উপস্থিতিয়ে জীপাল কৰি তোলে ম’হ যুঁজথলীসমূহ ।

লগতে পঢ়ক : পহিলা মাঘত আঁহতগুৰিত সপত্নীক ম’হযুঁজ উপভোগ মুখ্যমন্ত্ৰী শৰ্মাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.