Tractor seized at Manikpur : মাণিকপুৰত নম্বৰপ্লেটবিহীন ট্ৰেক্টৰ জব্দ

By

Published : Mar 28, 2023, 10:41 PM IST

thumbnail

অভয়াপুৰী, 28 মাৰ্চ :  বঙাইগাঁও জিলাৰ মাণিকপুৰত অবৈধভাৱে মাটি কঢ়িওৱা নম্বৰপ্লেটবিহীন এখন ট্ৰেক্টৰ জব্দ কৰা হয় । জানিব পৰা মতে মাণিকপুৰ উপ বন সংমণ্ডল বিষয়াই গোপন সূত্ৰৰ পম খেদি নগৰঝাৰৰ মানাহ নদীৰ পাৰত মাটি কাটি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰেক্টৰখন (Tractor illegally transporting soil seized) । 

উল্লেখ্য যে, কিছুদিন পূৰ্বে সেই স্থানতে মাটি কাটি থকা অৱস্থাত মাণিকপুৰৰ কেইবাজনো সংবাদ কৰ্মীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে ট্ৰেক্টৰৰ মালিক পক্ষই সংবাদকৰ্মীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল । এই সংক্ৰান্তত মাণিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও মাণিকপুৰ আৰক্ষীয়ে এজন দোষীকো কৰায়ত্ব কৰিব নোৱাৰিলে বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট বন বিষয়াই । 

বৰঞ্চ দোষীক ৰক্ষণাবেক্ষণহে দিয়াৰ অভিযোগ উত্থাপিত হৈছে মাণিকপুৰ আৰক্ষী থানাৰ বিৰুদ্ধে (Tractor seized at Manikpur )। জব্দকৃত ট্ৰেক্টৰৰ লগতে মালিকৰ বিৰুদ্ধে বিভাগীয়ভাৱে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বন বিষয়াগৰাকীয়ে উল্লেখ কৰে (Manikpur police station) ৷ 

লগতে পঢ়ক : Gamocha controversy in Assam: দুডোখৰীয়া গামোচাৰ বিৰোধিতাৰে উত্তাল মানিকপুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.