Theft case in Nagaon temple: মন্দিৰৰ কাছ চুৰি কৰি ৰাইজৰ লপা থপা খালে দুই চোৰে

By

Published : Feb 13, 2023, 5:34 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

নগাঁও,১৩ ফেব্ৰুৱাৰী: নগাঁৱত এইবাৰ সংঘটিত হৈছে কাছ চুৰিৰ ঘটনা (theft case in Nagaon temple) । মন্দিৰৰ পুখুৰীৰ কাছ চুৰি কৰি এইবাৰ ভক্তৰ হাতত আটক হ'ল দুই কাছ চোৰ । নগাঁৱৰ আমোলাপট্টিস্থিত শিৱ মন্দিৰৰ পুখুৰীৰ পৰা কাছ চুৰি কৰা দুই চোৰক সোমবাৰে পুৱা আটক কৰে মন্দিৰলৈ অহা ভক্তই (tortose theft case in Nagaon Shiv Mandir) । সোমবাৰে পুৱাতেই শিৱ বাবাৰ আশিস ল'বলৈ আহি ভক্তই আটক কৰিবলৈ সক্ষম হয় দুই কাছ চোৰক । 

মন্দিৰৰ দেৱাল পাৰ হৈ মন্দিৰত প্ৰৱেশ কৰি মন্দিৰৰ পুখুৰীৰ পৰা কাছ চুৰি কৰে দুই চোৰে । ইফালে মন্দিৰৰ পুখুৰীৰ কাছ চুৰি কৰা দেখি মন্দিৰত কাম কৰি থকা ৰং মিস্ত্ৰীয়ে পুৰোহিতক খবৰ দিয়ে । তাৰ পিছতেই মন্দিৰত উপস্থিত ভক্তই আটক কৰে চোৰ দুটাক (Nagaon shiv mandir theft case) । আটকাধীন চোৰ দুটাৰ নাম মুন দাস আৰু বুবুল দাস বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ইটাচালী আৰক্ষী উপস্থিত হৈ ধৃত চোৰ দুটাক থানালৈ লৈ যায় ।

ধৃত চোৰ দুটাৰ ঘৰ নগাঁৱৰ বেবেজীয়া আৰু লাওখোৱা ৰোডত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে চুৰি কৰা অৱস্থাত জব্দ কৰা কাছটোক পৰৱৰ্তী সময়ত মন্দিৰৰ পুখুৰীত এৰি দিয়ে ভক্ত আৰু উপস্থিত লোকে । ইপিনে ভক্তই আটক কৰি ইটাচালী আৰক্ষীক গতাই দিয়া কাছ চোৰ দুটাক জেৰা অব্যাহত ৰাখিছে ইটচালী আৰক্ষীয়ে । 

উল্লেখ্য যে, পাপমোচন বা পূণ্য অৰ্জনৰ বাবে মানুহে ধৰ্মীয় উপাসনাস্থলীলৈ যায় । কিন্তু চুৰিৰ উদ্দেশ্যে ধৰ্মীয় স্থানলৈ ? ভক্তৰ ৰূপত ধৰ্মীয় স্থানলৈ আহি চুৰিকাৰ্যত জড়িতৰ ঘটনাৰ উদাহৰণ পূৰ্বতেও বহু আছে । আনহাতে, মন্দিৰৰ ভিতৰৰ পৰা ধন-সোণ বা বহুমূলীয়া বিগ্ৰহ চুৰি হোৱাৰ ঘটনা মাজে-সময়ে শুনিবলৈ পোৱা যায় । লগতে মন্দিৰৰ আন আন মূল্যৱান সম্পত্তিতো চোৰে হাত দিয়াৰ ঘটনা ঘটি আহিছে । তাৰ মাজতে নগাঁৱৰ মন্দিৰৰ পুখুৰীত কাছ চুৰিৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । 

লগতে পঢ়ক: Bhauna perform at Gargaon College: গড়গাওঁ মহাবিদ্যালয়ত ভাওনা প্ৰদৰ্শন

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.