Smuggling of tortoise in Assam: লামডিং ৰে'লৱে ষ্টেচনত ৭৪ টা চোৰাং কাছ উদ্ধাৰ - লামডিং ৰেলৱে ষ্টেচনত ৭৪ টা চোৰাং কাছ উদ্ধাৰ
🎬 Watch Now: Feature Video


Published : Sep 26, 2023, 2:23 PM IST
হোজাই, ২৬ ছেপ্টেম্বৰ : হোজাইৰ লামডিং ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ কাছ উদ্ধাৰ । সোমবাৰে নিশা নামনিমুৱা আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা ৰে'লত সাধাৰণ ডবাৰ পৰা এই কাছ সমূহ উদ্ধাৰ কৰা হয় । সৰবৰাহকাৰীয়ে শিলচৰৰ পৰা গুৱাহাটীলৈ তিনিটা বেগত কঢ়িয়াই লৈ গৈ আছিল কাছসমূহ । আৰ পি এফৰ নিয়মীয়া তালাচী অভিযানত ৭৪ টা কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ইপিনেস এই সৰবৰাহত জড়িত থকাৰ অভিযোগত মিজোৰামৰ দুই যুৱকক ইতিমধ্যে আৰ পি এফে গ্ৰেপ্তাৰ কৰিছে । ধৃত যুৱক দুজন সংপুয়া আৰু লালছুৱানলিয়ানা বুলি জানিব পৰা গৈছে । ইয়াৰ পিচতেই আৰ পি এফে জব্দ কৰা কাছ সমূহ লামডিং বন বিভাগৰ হাতত অৰ্পণ কৰে ।
লগতে পঢ়ক:West Bengal Police at Bilasipara: বেটাৰী চোৰক বিচাৰি বিলাসীপাৰা পালেহি পশ্চিমবংগ আৰক্ষী