TMC protest in Nalbari: জিলাৰ নাম সলনি হ’ল নলবাৰীৰ 10 খন গাঁৱৰ, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ - Public protest in Nalbari against Assam govt
🎬 Watch Now: Feature Video
নলবাৰী জিলাৰ পৰা ১০ খনকৈ গাঁও কৰ্তন কৰি বাক্সা জিলাত অন্তৰ্ভুক্ত কৰাক লৈ আজিও অব্যাহত আছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ (Village amalgamation in Nalbari) । বৃহস্পতিবাৰে নলবাৰীৰ আল্লিয়াত ৰিপুন বৰাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে । নিৰ্বাচন আয়োগৰ নিৰ্দেশত সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নলবাৰীৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনৰ ১০ খন গাঁও কৰ্তন কৰি বি টি আৰত অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে নলবাৰীত (TMC protest in Nalbari) ।
জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনৰ বৃহত্তৰ আল্লিয়া অঞ্চলৰ ১০ খন গাঁও বাক্সা জিলাত অন্তৰ্ভুক্ত কৰাত আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে (Public protest in Nalbari against Assam govt) ৷ তাৰ মাজতে বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছৰ উদ্যোগত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ।
নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি নাৰাখে বুলি কটাক্ষ কৰে । বি টি আৰত থকা লোকসকলৰ মৰ্মবেদনা উপলব্ধি নকৰি পুনৰ নলবাৰীৰ ১০ খন গাঁও বাক্সা জিলাত অন্তৰ্ভুক্ত কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ৰিপুন বৰাই । প্ৰতিবাদকাৰী সকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদথলী ।
Last Updated : Feb 3, 2023, 8:38 PM IST