thumbnail

By

Published : Jul 20, 2023, 10:53 PM IST

ETV Bharat / Videos

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ সন্দৰ্ভত সাংসদ সুস্মিতা দেৱৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 20 জুলাই: বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগৰ আহ্বানত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ খচৰাৰ শুনানিত ৰাজ্যৰ ১২ টা বিৰোধী ৰাজনৈতিক দলৰ সৈতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা নেতৃত্বত আৰু ৰাজ্যসভা সাংসদ সুস্মিতা দেৱৰ এটা প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰে ৷  

আয়োগক সাক্ষাৎৰ পিচত সাংসদ সুস্মিতা দেৱে কয়, ‘‘সমষ্টিৰ পুনৰ নিৰ্ধাৰণ খচৰাৰ তীব্ৰ বিৰোধিতা কৰিছো ৷ বৰাক ভেলীৰ তিনিখন জিলাত আসন হ্ৰাস কৰাৰ বাবে বিৰোধিতা কৰিছো । বৰাক উপত্যকা ত্ৰিপুৰাৰ দৰে ৰাজ্য বুলি জনাজাত ।’’ এনে ক্ষেত্ৰত বৰাক উপত্যকাৰ আসন হ্ৰাস কৰাৰ অভিসন্ধি কি বুলিও তেওঁ প্ৰশ্ন কৰে ৷ তেওঁ কয়, ‘‘অসমত NRC আৰু অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰা চৰকাৰখনে এতিয়া সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে উঠিপৰি লাগিছে ৷ এয়া অসমৰ ক’লা দিন ৷’’ 

ইফালে, অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে 12 টা দলৰ সৈতে সাক্ষাতৰ অন্তত অসম তৃণমূল কংগ্ৰেছ দলৰ পৰাও পৃথককৈ এখন স্মাৰকপত্ৰ দাখিল কৰে ৷ প্ৰতিনিধি দলটোত অসম তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি এন আই চৌধুৰী, সাধাৰণ সম্পাদকদ্বয় তড়িৎ চেটাৰ্জী আৰু অভিজিত মজুমদাৰ , অসম যুৱ তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি অসীম মল্ল বুজৰবৰুৱা আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা উপস্থিত আছিল ৷  

লগতে পঢ়ক: Constituency Delimitation: নিৰ্বাচন আয়োগক কি কি দাবী জনালে অগপ আৰু ইউপিপিএলএ ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.