লোকসভা নিৰ্বাচনত অসমৰ পাঁচখন আসনত যুঁজ দিয়াৰ মন তৃণমূল কংগ্ৰেছৰ - লোকসভা নিৰ্বাচন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 5:07 PM IST

নগাঁও, 21 নৱেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যত থাকিয়েই অসমত পাঁচখনকৈ আসন বিচাৰিব তৃণমূল কংগ্ৰেছে । নগাঁৱত এই মন্তব্য তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেবৰ । মঙলবাৰে নগাঁৱত আয়োজিত তৃণমূল কংগ্ৰেছৰ বিশাল কৰ্মীসভাত অংশগ্ৰহণ কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যসভাৰ টি এম চিৰ সাংসদ সুস্মিতা দেবে । শাসকীয় বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া এটা প্ৰতিশ্ৰুতিও পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেবে ।

2024 ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সংগঠিত I.N.D.I.A ত থাকি বিজেপিক প্ৰতিহত কৰাৰ হুংকাৰ দিয়ে সুস্মিতা দেবে । অসমৰ নগাঁও, কৰিমগঞ্জকে ধৰি মুঠ পাঁচখন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ তৃণমূল কংগ্ৰেছে সাজু বুলিও মন্তব্য কৰে সুস্মিতা দেবে । অৱশ্যে বিৰোধী ঐক্যই কিমান আসন তৃণমূল কংগ্ৰেছক এৰি দিয়ে তাৰ ওপৰতো নিৰ্ভৰ কৰিব বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । মঙলবাৰে নগাঁৱত তৃণমূল কংগ্ৰেছৰ সমদল তথা কৰ্মী সভাত অংশগ্ৰহণ কৰে সুস্মিতা দেবৰ লগতে তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰাই । 

লগতে পঢ়ক: মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধনেৰে চৰাইদেউত দলক শক্তিশালী কৰাৰ চেষ্টা মন্ত্ৰী পীযুষৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.