Tirobhava Tithi of madhabdev:জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন - নামঘৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন
🎬 Watch Now: Feature Video


Published : Sep 4, 2023, 5:23 PM IST
জোনাই, ৪ ছেপ্টেম্বৰ : অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সোমবাৰে তিৰোভাৱ তিথি । ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জোনাইতো পালন কৰা হৈছে ।
১৯৭২ চনতে অসম অৰুণাচল সীমান্ত জোনাই মহকুমাত প্ৰতিষ্ঠা কৰা হৈছিল জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ ৷ এই জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত সোমবাৰে দিনৰ ১১ বজাৰ পৰা ভিৰ কৰিছেহি অগণন ভক্তই ৷ সোণালী জয়ন্তী গৰকা এই ঐতিহ্যমণ্ডিত নামঘৰটোত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ভকত-বৈষ্ণৱ, আই-মাতৃৰ নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰিছে । এই নামঘৰটোৱে জাতি-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি ৰাখিছে ৷ আগন্তুক বৰ্ষত অতি উলহ-মালহেৰে জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ সোণালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে ৷
লগতে পঢ়ক : Underdevelopment: অসমৰ এখন ঠাই যলৈ যোৱাৰ একমাত্ৰ উপায় জলপথ !