Microfinance loan waiver scheme:কাৰ্বি আংলঙত ৬৬৪ গৰাকী মহিলাক ঋণমুক্তিৰ প্ৰমাণ পত্ৰ প্ৰদান - মাইক্ৰ’ফাইনান্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাই
🎬 Watch Now: Feature Video


Published : Oct 17, 2023, 11:44 AM IST
ডিফু, ১৬ অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো মাইক্ৰ’ফাইনান্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাইৰ আনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ অসম চৰকাৰে মাইক্ৰʼফাইনান্সৰ ঋণ ৰেহাইৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ স্বৰূপে সোমবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত মাইক্ৰʼফাইনান্সৰ ঋণ পৰিশোধৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ ডিফুৰ ৬৬৪ গৰাকী মহিলাক এই মাইক্ৰʼফাইনেন্সৰ ঋণ পৰিশোধৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।
সোমবাৰে ডিফু চৰকাৰী বালক বিদ্যালয়ৰ খেলপথাৰত এই মাইক্ৰʼফাইনান্সৰ ঋণ ৰেহাইৰ অনুষ্ঠান আয়োজন কৰা হয় ৷ এই বিশেষ অনুষ্ঠানটোত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে হিতাধিকাৰী মহিলাসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে । যিসকল মহিলাই ঋণ লৈ আৰ্থিক দুৰ্বলতাৰ হেতু ঋণ পৰিশোধ কৰিবলৈ সমৰ্থ হোৱা নাছিল সেইসকল মহিলাক আৰ্থিক সকাহ দিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ চৰকাৰৰ এই ঋণ ৰেহাই কাৰ্যসূচীক বহুতে প্ৰশংসা কৰাৰ লগতে কিন্তু একাংশই কটাক্ষও কৰিছে ৷
লগতে পঢ়ক : Ashok Singhal in Tezpur : শোণিতপুৰত ১০,৪৯৮ গৰাকীক মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণ ৰেহাই