Theft at Gangmou Than : চোৰে দ্বিতীয়বাৰৰ বাবে লুটপাত চলালে ঐতিহাসিক গাংমৌ থানত - শ্ৰীমন্ত শংকৰদেৱ
🎬 Watch Now: Feature Video
বিশ্বনাথ, ২৮ জানুৱাৰী : ৰাজ্যৰ ধৰ্মীয় স্থানসমূহতো চোৰৰ চকু পৰা পৰিলক্ষিত হৈছে ৷ ধৰ্মীয় স্থানসমূহৰ বিভিন্ন সম্পত্তিৰ লগতে দানপাত্ৰ লুটপাত কৰা দেখা গৈছে বিভিন্ন সময়ত ৷ শুকুৰবাৰে নিশাও বিশ্বনাথৰ বিহালী সমষ্টিৰ শ্ৰীশ্ৰী গাংমৌথানত সংঘটিত হ’ল চুৰিকাণ্ড (Theft at Gangmou Than)৷
মহাপুৰুষ শ্ৰীমন্ত শংকদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক থানখনত(Gangmou Than Biswanath) শুকুৰবাৰে নিশা চিচিটিভি কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰি চোৰে চলালে লুটপাত ৷ চোৰে থানখনৰ দানপাত্ৰৰ তলা ভাঙি বৰঙণিসমূহ চুৰি কৰি লৈ যায় ৷ ইয়াৰ পূৰ্বেও থানখনত চুৰিকাণ্ড সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনা সন্দৰ্ভত ইতিমধ্যে থান পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে বিহালী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
উল্লেখযোগ্য বিশ্বনাথৰ বিহালীস্থিত পবিত্ৰ থানখনত শ্ৰীমন্ত শংকৰদেৱে(Srimanta Sankardev) ৬ বছৰ ৭ মাহ দিন অতিবাহিত কৰিছিল বুলি প্ৰবাদ আছে ৷ ধৰ্মপ্ৰচাৰৰ সময়ত শংকৰদেৱে উক্ত থানখনতে জিৰণি লোৱা বুলি প্ৰবাদ আছে ৷ ১৯৮১ চনৰ ১৬ জুলাইত গাংমৌ থানখন নতুনকৈ প্ৰতিষ্ঠা কৰা হয় বুলি জানিব পৰা যায় ৷ উক্ত থানখনত সঘনাই চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই চিন্তিত কৰি তুলিছে স্থানীয় লোকসকলক ৷
উত্তৰ অসমৰ অন্যতম পবিত্ৰ স্থান হিচাবে পৰিচিত থানখনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰিচালনা সমিতিয়ে থানখনত এজন নৈশ চকীদাৰ নিয়োগ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ৷
লগতে পঢ়ক: Child marriage at Sorbhog : বাল্য বিবাহ কৰাবলৈ গৈ দৰা-কাজিসহ গ্ৰেপ্তাৰ 4