Theft incident : নলবাৰীৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত চুৰি কৰি হাতে-লোটে আটক চোৰ - হাতে লোটে আটক চোৰ
🎬 Watch Now: Feature Video


Published : Nov 6, 2023, 2:57 PM IST
|Updated : Nov 6, 2023, 3:22 PM IST
নলবাৰী, ৬ নৱেম্বৰ : নলবাৰীৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দিন দুপৰতে সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা । পুৱাই কাৰ্যালয় খোলাৰ পিচত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত চুৰি কৰিবলৈ আহি আটক হয় এটা চোৰ । দিনৰ পোহৰত চৰকাৰী কাৰ্যালয়ত চুৰি কৰি মৰসাহ কৰা জয়মংগলাৰ চোৰটোৰ নাম ইনামুল আলী ।
চুৰি কাৰ্য সংঘটিত কৰিবলৈ আহি হাতে-লোটে আটক হ’ব লগা হয় ইনামুল ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় নলবাৰী আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে চোৰটোক । ইতিমধ্যে ইনামুল আলীৰ পৰা আৰক্ষীয়ে কিছু চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
বৰ্তমান আৰক্ষীয়ে আটক কৰি নলবাৰী থানালৈ লৈ যায় ইনামুল আলীক । আনহাতে ধৃত চোৰটোৱে চুৰিকাণ্ড সংঘটিত কৰাৰ কথা সদৰী কৰে সংবাদ মাধ্যমৰ আগত ।