Theft incident in Post office: ডাকঘৰৰ তলা ভাঙি চোৰে লুটিলে গ্ৰাহকৰ 1 লাখ 72 হাজাৰ টকা

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:53 PM IST

thumbnail

বৰপেটাৰোড, 12 ছেপ্টেম্বৰ : বৰপেটাৰোডত পুনৰ চুৰিকাৰ্য ৷ সোমবাৰে নিশা বৰপেটাৰোডৰ ডাকঘৰত চোৰে লুট পাত চলাই গ্ৰাহকে জমা ৰখা বহু পৰিমাণৰ নগদ ধন চুৰি কৰি লৈ যায় ৷ ডাকঘৰৰ পিচপিনে থকা দুৱাৰৰ দুটা তলা ভাঙি, চোৰে ডাকঘৰৰ লকাৰ ভাঙি লুট পাত চলোৱাৰ কথা জানিবলৈ দিয়ে ডাকঘৰৰ পোষ্টমাষ্টৰ আব্দুৰ ৰহমানে  ৷

পোষ্টমাষ্টৰ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, চোৰে নগদ 1 লাখ 72 হাজাৰ টকা চুৰি কৰি নিয়াৰ লগতে ডাকঘৰৰ বিভিন্ন নথিপত্ৰ সমূহ লণ্ডভণ্ড কৰে ৷ 

উল্লেখ্য যে, নিশা ডাকঘৰটোৰ সুৰক্ষাৰ বাবে কোনো সুৰক্ষা কৰ্মী নাছিল আনকি কোনো চিচিটিভিৰ ব্যৱস্থাও নাছিল । তাৰ সুযোগ গ্ৰহণ কৰিয়েই চোৰে নিৰ্বিঘ্নে লুটপাত চলায় ৷ এই চুৰিকাৰ্য সন্দৰ্ভত ডাকঘৰ কৰ্তৃপক্ষই বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ 

তাৰোপৰি ডাকঘৰৰ শীৰ্ষ বিষয়াই চুৰিকাণ্ড সংঘটিত হোৱা ডাকঘৰটোলৈ আহি চোৰে চলোৱা তাণ্ডৱৰ পৰ্যবেক্ষণ কৰে ৷ 

লগতে পঢ়ক: Theft incident : এক লাখ টকাৰ টায়াৰ লুটি উধাও চোৰৰ দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.