Theft in Moran: মৰাণ থানাৰ সমীপৰ পৰাই চোৰে লৈ গ'ল সোণৰ লগতে নগদ ধন - চোৰৰ উপদ্ৰৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 16, 2023, 12:13 PM IST

ডিব্ৰুগড়, 16 জুলাই : মৰাণত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ প্ৰতিদিনে বিভিন্ন ব্যক্তিৰ গৃহত চোৰে অভিযান চলোৱাৰ সমান্তৰালভাৱে এইবাৰ মৰাণৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথচাৰী আৰু যানবাহন চোৰৰ লক্ষ্য হৈ পৰিছে ৷ নিশা মৰাণ থানাৰ সমীপৰ পৰাই ৰখাই থোৱা স্কুটিৰ পৰা চোৰে লৈ গ'ল সোণৰ লগতে নগদ ধন ৷  

মৰাণৰ গোলচন মাৰ্কেটৰ ময়ুৰী জুৱেলাৰ্চৰ গৰাকী জয়চন্দ বাৰ্মাই দোকান বন্ধ কৰি পিয়লি নগৰস্থিত গৃহ অভিমুখে গৈ থকা অৱস্থাত ঔষধ কিনিবলৈ হেল্থ কেয়াৰ মেডিকেল নামৰ ফাৰ্মাচীখনলৈ গৈছিল ৷ নিজৰ স্কুটিখনতে ৰাখি গৈছিল ধন-সোণসহ বেগটো ৷ ফাৰ্মাচীখনৰ পৰা লগে লগে ঘূৰি আহি বেগটো নোপোৱাৰ পিছতে হুৱা-দুৱা লাগে ব্যৱসায়ীজনৰ ৷

জানিব পৰা মতে জুৱেলাৰ্চৰ ব্যৱসায়ী জয়চন্দ বাৰ্মাৰ ৰখাই থোৱা স্কুটিৰ পৰা 110 গ্ৰাম সোণ আৰু নগদ 43,500 টকা লুটি নিয়ে চোৰে ৷ ঘটনাৰ পাছতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই ঘটনাই মৰাণ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷ কিয়নো মৰাণত চোৰৰ উপদ্ৰৱ বৃদ্ধি হৈছে যদিও চোৰ ধৰিবলৈ সক্ষম হোৱা নাই মৰাণ আৰক্ষী ৷ ফলত মৰাণ থানাৰ পৰা কেইমিটাৰমান আঁতৰৰ পৰাই চোৰে ধন-সোণ লুটি নিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Public Protest in Tingkhong: পথৰ ওপৰতে ধূপ-চাকি জ্বলাই ৰাইজৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.