কেৰেপ নকৰে কাকো; সাংবাদিকৰ ঘৰত চোৰে চলালে চাফাই অভিযান - সাংবাদিক ব্ৰজেন তালুকদাৰ
🎬 Watch Now: Feature Video


Published : Dec 18, 2023, 11:59 AM IST
নলবাৰী, ১৮ ডিচেম্বৰ : নলবাৰী চহৰৰ মাজমজিয়াত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক তথা এটা ব্যক্তিগত ছেটেলাইট চেনেলত কৰ্মৰত ব্ৰজেন তালুকদাৰৰ নলবাৰীৰ মালিকুছিস্থিত ভাৰাতীয়া কোঠাত দেওবাৰে চুৰিকাণ্ড সংঘটিত হয় । দেওবাৰে প্ৰায় 9 বজাত সাংবাদিক ব্ৰজেন তালুকদাৰ ঘৰত নথকা অৱস্থাত চুৰি কাণ্ডটো সংঘটিত হয় বুলি তেওঁ জানিবলৈ দিয়ে ।
চোৰে আগফালৰ দৰ্জাৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰি প্ৰায় পঞ্চাশ হাজাৰ টকাৰ সা-সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে দুটা মোবাইল ফোনো চুৰি কৰি লৈ যায় । চহৰখনত আৰক্ষীয়ে গিজগিজাই থকা সময়ত চহৰৰ মাজমজিয়াত এনেদৰে চুৰিকাৰ্য সংঘটিত হোৱা কাৰ্যই এতিয়া সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ভুক্তভোগী লোকজনে সম্প্ৰতি আৰক্ষীৰ কাষ চাপিছে ৷
লগতে পঢ়ক: গোলাঘাটত দেহ ব্যৱসায়ৰ ঘাটি উচ্ছেদ গ্ৰাহকসহ ৮ জনক আটক