thumbnail

Water level of the Subansiri River is rising: যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে সোৱণশিৰিৰ বক্ষত

By

Published : Jun 15, 2023, 1:52 PM IST

বিহপুৰীয়া, ১৫ জুন : ৰাজ্যৰ নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বিহপুৰীয়াতো সোৱণশিৰি নদীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে ভয়াৱহ ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি নদীখনৰ ভয়াৱহতা দেখি স্থানীয় নৈ পৰীয়া লোকসকল শংকিত হৈ পৰাৰ লগতে নদীখনত অনাকাংক্ষিত ঘটনাৰ আশংকা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নদীখনৰ ওপৰত অসম মালা আঁচনিৰ অধীনত ৭৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিয়মান চেলেক-ধূনাগুৰি সংযোগী দলংখনৰ খুঁটা সমূহক লৈ চিন্তিত হৈ পৰিছে নিৰ্মাণকাৰী সংস্থা SP Singla Construction Pvt Ltd । কাৰণ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততেই দলঙৰ নিৰ্মিয়মান খুঁটাসমূহ নদীখনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । যাৰ ফলত সদাব্যস্ত নৈখনৰ একাংশ নাৱৰীয়াকলৈ চিন্তিত হৈ পৰিছে নিৰ্মাণকাৰী সংস্থাটো ৷

আশংকা কৰা হৈছে দলঙৰ খুঁটাত লাগি এই সৰু বৰ নাও সমূহ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে । সেয়েহে তেনে ভয়ংকৰ পৰিৱেশৰ আশংকা প্ৰকাশ কৰি স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্মাণকাৰী সংস্থাটোৱে খুঁটা থকা স্থান সমূহ ৰঙা পতাকা সদৃশ কাপোৰ লগা ৰাইজক সৰ্তক কৰি দিছে ৷ ইয়াৰ পিচতো কিন্তু একাংশ নাৱৰীয়াই সেই ভয়াৱহ স্থান সমূহেৰে নাও চলাচল অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Erosion of Beki river: কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.