Terror of a herd of elephants: ব্ৰহ্মপুত্ৰৰ বুকুত হাতীৰ জাকৰ জল কেলি - মাজুলী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-08-2023/640-480-19364099-thumbnail-16x9-wild-elephant.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 26, 2023, 5:50 PM IST
মাজুলী, 26 আগষ্ট : মাজুলীৰ ছাগলী চাপৰিত প্ৰায় ডেৰশটা হাতীৰ এটা জাকৰ জল কেলি । বিগত প্ৰায় দুটা মাহে মাজুলীৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আছে হাতীৰ এই জাকটোৱে ৷ ঠায়ে ঠায়ে বহুত অনিষ্ট সাধন কৰি আহিছে এই জাকটোৱে ৷
শনিবাৰৰ পুৱাই এনেদৰে দেখা গ’ল দিচাং মুখ আৰু মাজুলীৰ সমীপত ব্ৰহ্মপুত্ৰত হাতীৰ জাকটোৰ জলকেলিৰ এক মনোমোহা দৃশ্য । বিগত প্ৰায় দুমাহ ধৰি মাজুলীৰ বিভিন্ন স্থানত বিচৰণ কৰি ৰাইজৰ শংকিত কৰি আহিছে এই হাতীৰ বৃহৎ জাকটোৱে ।
ডেৰশটা হাতীৰ এই জাকটো খেদি পঠাবলৈ বন-বিভাগৰ লোকে বহুবাৰ চেষ্টা কৰিছে যদিও সফল হ’ব পৰা নাই ৷ বিভিন্ন অঞ্চলত খেতি-বাতি নষ্ট কৰাৰ লগতে বহুলোকৰ বাসগৃহৰো ক্ষতি সাধন কৰিছে এই বিশাল জাকটোৱে ৷
লগতে পঢ়ক : Flood and Fright of Elephant Attack:মাজুলীত মহঙা কেৰাচিনে কন্দুৱাইছে বন্যাৰ্তক