Assam HS results 2023:দশম স্থান লাভ কৰা কৃষ্টিনা দেৱীৰ ভৱিষ্যতে এগৰাকী প্ৰবক্তা হোৱাৰ সপোন - দশম স্থান লাভ কৰা কৃষ্টিনা দেৱী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 6, 2023, 3:20 PM IST

মৰিগাঁও, 6 জুন : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত মৰিগাঁও নটুৱা গাঁৱৰ কৃষ্টিনা দেৱীয়ে লাভ কৰিছে দশম স্থান । কৃষ্টিনা দেৱীৰ এই কৃতিত্বত গৌৰাৱান্বিত মৰিগাঁওবাসী । মৰিগাঁও নটুৱা গাঁৱৰ কুবিন নাথ আৰু প্ৰণীতা দেৱীৰ কন্যাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে দশম স্থান  লাভ কৰি মৰিগাঁৱলৈ কঢ়িয়াই আনিলে গৌৰৱ (HS results 2023 position in arts) ।

এই ঈৰ্ষণীয় ফলাফল লাভ কৰাৰ পিচতে মৰিগাঁও নটুৱা গাঁৱৰ ঘৰখনত উঠিছে আনন্দৰ ঢৌ (HS results 2023 arts ) । শুভাকাংক্ষীৰ সমান্তৰালকৈ আত্মীয় স্বজনৰ ভিৰ কৃষ্টিনা দেৱীৰ ঘৰত । ইতিমধ্যেই মৰিগাঁও নটুৱা গাঁৱৰ ঘৰৰ পৰা নগাঁও কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ত উপস্থিত হৈছে কীৰ্তি ছাত্ৰী কৃষ্টিনা ।

কৃষ্টিনা দেৱীয়ে ক্ৰমে ইংৰাজীত-৯১, অতিৰিক্ত ইংৰাজীত-৯১, ৰাজনৈতিক বিজ্ঞানত -৯৮, শিক্ষাতত্বত-৯৮,ভূগোলত-৯৮, সমাজতত্বত-৯৩ পাবলৈ সক্ষম হয় । তেওঁ ৫০০ নম্বৰৰ ভিতৰত মুঠ ৪৭৬ লাভৰে ৯৫% লাভ কৰে (Tenth position in arts stream in hs examination)। ফলাফল লাভ কৰি সুখী অনুভৱ কৰা কৃষ্টিনা দেৱীয়ে কয় যে যৌথ পৰিয়ালৰ মাজত থাকি পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৰিহণাৰ বাবে এই ফলাফল পাবলৈ সক্ষম হৈছে তেওঁ । নিয়মীয়াকৈ অধ্যয়ন কৰিছিল কৃষ্টিনাই ৷

লগতে পঢ়ক : HS Exam Results 2023 : বাণিজ্য শাখাৰ ষষ্ঠ স্থানত যোৰহাটৰ নন্দিতা দাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.