Allegation against Teacher: কণমানি ছাত্ৰীক প্ৰহাৰ কৰাক লৈ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি - Tense in Dibrugarh
🎬 Watch Now: Feature Video
Published : Sep 28, 2023, 8:16 PM IST
ডিব্ৰুগড়,২৮ ছেপ্টেম্বৰ: ডিব্ৰুগড়ৰ চাউলখোৱাত ব্যক্তিগত বিদ্যালয়ত শিশুক গুৰুতৰভাৱে প্ৰহাৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । চাউলখোৱাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় কাষতে থকা ব্যক্তিগত Divine Peaceৰ kinder garden(KG)ত শিক্ষাগ্ৰহণ কৰি থকা ৰেচমা বেগম আৰু আচিক ৰহমানৰ কন্যা শিশুটিক বিদ্যালয়তে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ অনুসৰি বৃহস্পতিবাৰে দিনৰ ভাগত শ্ৰেণী কোঠাত শিক্ষাদান চলি থাকোঁতে এগৰাকী শিক্ষয়িত্ৰীয়ে কণমানিটিৰ গালত প্ৰহাৰ কৰে । যাৰ ফলত কণমানিটিৰ গালৰ কিছু অংশ ফুলি যায় । বিদ্যালয় ছুটীৰ সময়ত মাতৃ ৰেচমা বেগমে নিজ শিশুটিৰ এই অৱস্থা দেখি প্ৰথমে শিক্ষয়িত্ৰীগৰাকীক অৱগত কৰাত শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰথমে এলাৰ্জিৰ বাবে এনে হয় বুলি কৈছিল যদিও পাছত শিক্ষয়িত্ৰীগৰাকীয়ে কণমানিজনীক প্ৰহাৰ কৰাৰ কথা স্বীকাৰ কৰে ।
ইয়াৰ পাছতেই উত্তেজিত হৈ পৰে অভিভাৱকসকল । সমগ্ৰ ঘটনাক লৈ বিদ্যালয়খনৰ কৰ্তৃপক্ষই অজ্ঞতা প্ৰকাশ কৰা পৰিলক্ষিত হয় । ঘটনাক লৈ ছাত্ৰীগৰাকীৰ পৰিয়ালে বিদ্যালয় কৰ্তৃপক্ষৰ লগত তৰ্কত লিপ্ত হৈ ছাত্ৰীগৰাকীক বিদ্যালয়ত নপঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে একেখন বিদ্যালয়তে আন এগৰাকী শিশুৰ মুৰত প্ৰহাৰ কৰাৰ ফলত চিকিৎসাধীন হ'ব লগা পৰিস্থিতি সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল । বিভিন্ন অভিযোগ থকা বিদ্যালয়খনৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া লক্ষ্যণীয় হ'ব।