Tense situation in Tezour: তেজপুৰত চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে প্ৰসূতিৰ মৃত্যু ! আটক চিকিৎসক

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 1:39 PM IST

thumbnail

তেজপুৰ, ২০ ছেপ্টেম্বৰ: তেজপুৰত বুধবাৰে এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঢেকীয়াজুলিৰ ২২ বছৰীয়া সুনয়না সাহাৰ সন্তান জন্ম দিয়াৰ কেইঘন্টামান পিছতে মৃত্যু হয় ৷ তেজপুৰৰ অনন্ত মেম'ৰিয়েল হাস্পতালত সংঘটিত হৈছে এই ঘটনাটো ৷ ইপিনে, চিকিৎসক প্ৰদীপ কুমাৰ চাহুৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য় যে, প্ৰদীপ কুমাৰ চাহু ঢেকীয়াজুলি মনবৰ নাথ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ চৰকাৰী চিকিৎসক ৷ তেওঁৰ অধীনতেই চিকিৎসা গ্ৰহণ কৰি আছিল সুনয়না সাহাই । সোমবাৰেও সুনয়না সাহাক ঢেকীয়াজুলি মনবৰ নাথ ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও প্ৰসূতিগৰাকীৰ অৱস্থা জটিল হোৱা বুলি কৈ শীঘ্ৰে অস্ত্ৰোপচাৰৰ বাবে পৰামৰ্শ আগবঢ়ায় ।    

ঢেকীয়াজুলি মনবৰ নাথ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত এই সুবিধা নথকা বুলি কৈ প্ৰদীপ কুমাৰ চাহুৱে অনন্ত মেম'ৰিয়েল হাস্পতালত ভৰ্তি কৰিবলৈ কয় । তেওঁ পৰহি নিশা আৰু পুৱা দুবাৰকৈ অস্ত্ৰোপচাৰ কৰে চিকিৎসকজনে ৷ ইয়াৰ পিচতেই  প্ৰসূতিগৰাকীৰ মৃত্য়ু হোৱাত পৰিয়াল-আত্মীয়ৰ অভিযোগৰ ভিত্তিত স্থানীয় কছাৰীগাঁও আৰক্ষীয়ে চিকিৎসকজনক আটক কৰে ৷ পিচত আৰক্ষীয়ে মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Hardeep Singh Nijjar: কোন আছিল হৰদীপ সিং নিজ্জাৰ ? যাৰ হত্যাই কুটনৈতিকভাৱে বিভাজিত কৰিছে ভাৰত কানাডাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.