Tense situation in Jonai: সুৰামত্ত যুৱকৰ উদ্ভণ্ডালিত উত্তপ্ত জোনাই মাছ বজাৰ - Tense situation in Jonai
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-07-2023/640-480-18977912-thumbnail-16x9-jonai-aspera.jpg)
জোনাই, ১২ জুলাই: মঙলবাৰে সন্ধিয়া এজন যুৱকে ২০ টকাৰ শিঙী মাছ ক্ৰয় কৰাক কেন্দ্ৰ কৰি জোনাই দৈনিক বজাৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ মাছ ব্যৱসায়ীয়ে ৬০০ টকীয়া শিঙী মাছ ২০ টকাৰ দিবলৈ অসুবিধা হোৱা বুলি কোৱাত যুৱকজনে দিবই লাগিব বুলি আকোৰগোজ হৈ ব্যৱসায়ী জনৰ দাখন কাঢ়ি লৈ উদ্যত হয় আক্ৰমণ কৰিবলৈ ৷ ব্যৱসায়ীজনে কোনো মতে পলাই যায় যদিও সুৰামত্ত যুৱকজনে দাৰে কেবাখনো মাছৰ ডালা কাটি, গোৰমাৰী লণ্ডভণ্ড কৰি আঁতৰি যায় ৷
ইয়াৰ পিছতে জোনাই আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। যুৱকজন জোনাই বজাৰৰ স্থানীয় গাঁও প্ৰধানৰ পুত্ৰ ভাইটি চায়েঙীয়া বুলি কয় ব্যৱসায়ী সকলে ৷ উদণ্ড যুৱকজনে প্ৰায় ৫/৬ খন মাছৰ ডালা আৰু কেইবা হাজাৰ টকাৰ মাছ নষ্ট কৰা বুলি কয় ৷ ইফালে,ব্যৱসায়ী সকলে দোষী যুৱকজনক উচিত শাস্তি দিবলৈ জোনাই আৰক্ষীক দাবী জনাইছে ৷