Teenagers drowned in floodwaters: ৰঙানদীৰ বাঢ়নী পানীত উটি গ’ল কিশোৰ, কথমপি প্ৰাণৰক্ষা এজনৰ
🎬 Watch Now: Feature Video
লখিমপুৰত অঘটন । ৰঙানদীৰ বাঢ়নী পানীত উটি গ’ল দুজন ১১ বছৰীয়া কিশোৰ (Teenager went missing in Ronganadi River)৷ ইয়াৰে এজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও আচিক কুমাৰ নামৰ সপ্তম শ্ৰেনীত অধ্যয়নৰত এজন ছাত্ৰৰ বৰ্তমানেও কোনো সন্ধান পোৱা নাই ৷ আচিক লখিমপুৰ নগৰৰ খেলমাটিৰ বাসিন্দা । দেওবাৰে নিশা ১১ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । সন্ধানহীন কিশোৰজন লখিমপুৰ নগৰৰ খেলমাটিৰ নিবাসী ৰজনী ঠাকুৰৰ পুত্ৰ বুলি জানিব পৰা গৈছে । পিছত SDRF বাহিনীক খবৰ দিয়াত SDRF ৰ লোক সেই স্থানত উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷ পুৱাৰে পৰা কিশোৰটিৰ সন্ধানত SDRF বাহিনীয়ে ৰঙানদীৰ বক্ষত অভিযান চলাই আছে যদিও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই । জানিব পৰা মতে আন লোকৰ সৈতে বলবমলৈ গৈ নদীত গা ধুই থাকোতেই কিশোৰ টি উটি যায় ।
Last Updated : Feb 3, 2023, 8:26 PM IST