Shiksha Setu Portal: টেবলেটত খোলেই খোৱা নাই APP; বিপাঙত শিক্ষক-শিক্ষয়িত্ৰী
🎬 Watch Now: Feature Video
নগাঁও,৩ অক্টোবৰ: শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ উদ্দেশ্যে শিক্ষা বিভাগে প্ৰৱৰ্তন কৰিছে শিক্ষা সেতু প'ৰ্টেল । শিক্ষা সেতু প'ৰ্টেলত ৩ অক্টোবৰৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক কৰিছে শিক্ষা বিভাগে ।
যাৰ বাবে শিক্ষা বিভাগে প্ৰতিখন বিদ্যালয়তে প্ৰদান কৰিছে একোটাকৈ টেবলেট । কিন্তু শিক্ষা বিভাগে দিয়া টেবলেটত উপস্থিতি আপলোড কৰাত ব্যৰ্থ হ'ল বহু শিক্ষক -শিক্ষয়িত্ৰী । টেবলেটত বাৰম্বাৰ চেষ্টা কৰাৰ পিছতো শিক্ষা সেতু এপটোৱেই খুলিব পৰা নাই । অৱশেষত নিজৰ ব্যক্তিগত ম’বাইলত ডাউনলোড কৰা এপৰ জৰিয়তে উপস্থিতি আপলোড কৰিবলগীয়া হ'ল নগাঁও চহৰৰ ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ত ।
নেটৱৰ্কৰ পৰা এপলৈকে সীমাহীন বিসংগতিৰ সন্মুখীন হোৱা শিক্ষক-শিক্ষয়িত্ৰীয়ে দুই তিনি ঘণ্টাৰ চেষ্টাৰ অন্তত নিজৰ ব্যক্তিগত ম’বাইলৰ জৰিয়তেহে উপস্থিতি আপলোড কৰিবলৈ সক্ষম হ'ল । ছফ্টৱেৰ অধিক উন্নত নকৰিলে এই ডিজিটেল ব্যৱস্থাই উপকৃত কৰাৰ বিপৰীতে পাঠদান কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব বুলিও আশংকা কৰিছে শিক্ষয়িত্ৰী জুতিকা বৰাই ।
এফালে চৰকাৰে নিৰ্দেশ দিয়া কলহ যাত্ৰাকে ধৰি বিভিন্ন কাৰ্যসূচী আৰু আনফালে ডিজিটেল ব্যৱস্থাৰ বিসংগতিক লৈ যেন একপ্ৰকাৰ বিমোৰত পৰিছে একাংশ শিক্ষক -শিক্ষয়িত্ৰী ।
লগতে পঢ়ক:Ranoj Pegu: শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰা হোৱা নাই; শিক্ষামন্ত্রীৰ চাফাই